কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিরাদিত্য সিন্ধিয়াৰ নেতৃত্বত উত্তৰ-পূৱ ভাৰতত হস্ততাঁত আৰু হস্তশিল্প শক্তিশালীকৰণৰ বাবে টাস্ক ফোৰ্চ বৈঠক অনুষ্ঠিত



logo : | Updated On: 22-Jul-2025 @ 2:05 pm
SHARE 

উত্তৰ-পূব ভাৰতৰ বুনকাৰ আৰু হস্তশিল্পৰ সমৃদ্ধ পৰম্পৰাক আগবঢ়োৱাৰ এক গুৰুত্বপূর্ণ প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰী (DoNER) জ্যোতিরাদিত্য সিন্ধিয়া মংগলবাৰে অসম, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰৰ নেতাসকলৰ সৈতে এটা উচ্চ পৰ্যায়ৰ টাস্ক ফৰ্চ বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকৰ উদ্দেশ্য আছিল অঞ্চলখনৰ কাপোৰ আৰু হস্তশিল্প খণ্ডত টেকসই উন্নয়ন ঘটোৱা। বৈঠকখনত উপস্থিত আছিল নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ', কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা, অসমৰ বুনকাৰ আৰু বস্ত্ৰ মন্ত্ৰী ঊৰ্খাও গ্ৰা ব্ৰহ্মা আৰু মণিপুৰৰ জ্যেষ্ঠ বিষয়া সকল।

বৈঠকখনত মন্ত্ৰী সিন্ধিয়াই অঞ্চলটোৰ শিল্পীসকলৰ বাবে বজাৰ যোগাযোগ, সক্ষমতা বৃদ্ধি আৰু জীৱিকা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে।

তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰিবেশ আৰু ক্ষমতায়নৰ বাবে ফেশ্বন’ৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখি, আমি উত্তৰ-পূব ভাৰতৰ বুনকাৰ আৰু হস্তশিল্প ব্যৱস্থাক সবল কৰিবলৈ কাম কৰি আছোঁ।"

বৈঠকখনত আলোচনাৰ মূল বিষয় আছিল স্থানীয় শিল্পীসকলক ক্ষমতাবান কৰা, পৰিকাঠামো উন্নত কৰা আৰু অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যৰ সদ্ব্যৱহাৰ কৰি টেকসই ব্যৱসায়িক সুযোগ সৃষ্টি কৰাৰ বাবে এটা সহযোগিতামূলক ৰোডমেপ বিকাশ কৰা।

এই বৈঠকটোৱে উত্তৰ-পূব ভাৰতৰ হস্তশিল্প আৰু বুনকাৰ খণ্ডক নতুন দিশত লৈ যোৱাৰ দিশে এটা দৃঢ় পদক্ষেপ ৰূপে বিবেচিত হৈছে, য’ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সমন্বয় সাধনৰ মাধ্যমে অঞ্চলটোৰ ঐতিহ্যক সংৰক্ষণৰ লগতে আৰ্থিক উন্নয়নৰ দিশে আগবঢ়োৱা হৈছে।




Read less Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys