"আচিক কোল: দ্য আনচাৰ্টেড কেইভছ অফ গাৰো হিলছ" নামৰ এখন ডকুমেণ্টৰীয়ে মেঘালয়ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৌৰৱ অনাইছে। এই ডকুমেণ্টৰীখনে ব্রাজিলৰ বেলো হৰিজোন্টে অনুষ্ঠিত ১৯তম ইণ্টাৰনেচনেল কংগ্ৰেছ অফ স্পেলিঅ’লজী-ত প্ৰফেছনেল শ্ৰেণীৰ শীৰ্ষ বঁটা লাভ কৰিছে। বিশ্বৰ ১২খন ৰাষ্ট্ৰৰ ৩৩খন চলচ্চিত্ৰৰ মাজত এই চিত্ৰই সৰ্বোত্তমৰ স্বীকৃতি লাভ কৰে।
গ্ৰেগৰী এলিয়া ৱাৰ্জৰীৰ পৰিচালনা আৰু NOMADS Film-ৰ প্ৰযোজনাত নিৰ্মিত এই ডকুমেণ্টৰীখন ২০২৪ চনৰ Core Geo Caving Expedition-ৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় গৱেষক, বিজ্ঞানী আৰু স্থানীয় আচিক কেইভাৰসকলৰ সহযোগত গাৰো পাহাৰৰ অপৰিচিত গুহাবোৰ উলিঙা কৰে। এই অভিযানৰ অন্যতম বৃহৎ আৱিষ্কাৰ আছিল টোলেগ্ৰে গাঁওত পোৱা এটা প্ৰাগৈতিহাসিক তিমি মাছৰ জীৱাশ্ম, যিটো এক গুৰুত্বপূৰ্ণ জীৱাশ্মবিদ্যাগত সন্ধান হিচাপে বিবেচিত হৈছে।
চিত্ৰখনত স্থানীয় আচিক কেইভাৰ আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষকসকলৰ একেলগে কাম কৰা দৰ্শোৱা হৈছে, য’ত বিজ্ঞান আৰু সংস্কৃতিৰ সমন্বয় দাঙি ধৰা হৈছে। স্থানীয় গাইড আৰু Achik Cavers Exploration Society-এ কঠিন গুহা পথ চাবলৈ যথেষ্ট সহায় কৰিছিল।
ৱাৰ্জৰীয়ে ঘোষণা কৰাৰ পাছত কয়, “এই সফলতাই মেঘালয়ক বিশ্ব গুহা-গৱেষণাৰ মানচিত্ৰত স্থান প্ৰদান কৰিলে আৰু ৰাজ্যখনৰ গুপ্ত গুহা-ঐতিহ্য আৰু অনুসন্ধানী মনোভাৱ উজ্জ্বল কৰিলে।”
চিত্ৰখন ইতিমধ্যে ২০২৪ চনৰ ছেপ্টেম্বৰত Hidden Earth UK Caving Conference আৰু ছুইজাৰলেণ্ডৰ Le Festival des Voyageurs d’Ici-ত প্ৰদৰ্শন কৰা হৈছে। শ্বিলঙতো চিত্ৰখনৰ প্ৰদৰ্শনৰ পৰিকল্পনা চলি আছে, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত গুহা-অনুসন্ধান প্ৰতি আগ্ৰহ সৃষ্টি কৰা হ'ব।
Core Geo Expedition-ৰ প্ৰতিষ্ঠাপক থ’মাছ আৰবেন্জ আৰু অযুষ সিঙে এই প্ৰকল্পখনত সহায় কৰিছে। জঁ-মাৰ্ক জুটজেট আৰু ৰ’মেন হাপকা নামৰ সদস্যদ্বয়ে চলচ্চিত্ৰখন ব্রাজিলৰ কংগ্ৰেছত উপস্থাপন কৰে। জিলা প্ৰশাসন, নকমা (পৰম্পৰাগত গাঁও নেতৃবৃন্দ), আৰু টোলেগ্ৰে-নকাটগ্ৰে গাঁওবাসীৰ সহযোগিতাত এই প্ৰকল্প সফল হয়।
বিশ্বৰ আটাইতকৈ দীঘল গুহা ব্যৱস্থাৰ বাবে মেঘালয় ইতিমধ্যে জনাজাত। ইয়াৰ চুনাপাথৰ গঠনৰ জটিলতা আৰু গুহা-জীৱবৈচিত্র্য বিজ্ঞানীসকলৰ আগ্ৰহৰ কেন্দ্ৰ। এতিয়াও বহু গুহা অনুসন্ধানৰ অপেক্ষাত আছে।
চাৰিবছৰ অন্তৰে অনুষ্ঠিত হোৱা International Congress of Speleology গুহা-গৱেষক, অভিযানকাৰী আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে সৰ্বোচ্চ মঞ্চ। এই স্বীকৃতিয়ে মেঘালয়ৰ প্ৰাকৃতিক সম্পদক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিপন্ন কৰি আগলৈ আৰু অনুসন্ধান আৰু সংৰক্ষণক উৎসাহ যোগাব বুলি আশা কৰা হৈছে।