সিকিম চৰকাৰে ১০ আগষ্ট তাৰিখখনক “আমা সন্মান দিৱস” হিচাপে ঘোষণা কৰিছে, যি প্ৰতিবছৰে পালন কৰা হ’ব। এই সিদ্ধান্তখন মুখ্য সচিব আৰ. তেলাংয়ে জাৰি কৰা এটা চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰা হয়, য’ত মাতৃৰ সমাজ গঠন আৰু সন্তানৰ বিকাশত থকা গভীৰ প্ৰভাৱৰ স্বীকৃতি দিয়া হৈছে।
নিৰ্দেশনাখনত কোৱা হৈছে যে, মাকসকলে তেওঁলোকৰ সহানুভূতি, সমবেদনা আৰু অটল মূল্যবোধৰ জৰিয়তে দায়িত্বশীল নাগৰিকৰ জন্ম দিয়ে আৰু সমাজ গঠনত মুখ্য ভূমিকা পালন কৰে। এই সিদ্ধান্তৰ লক্ষ্য হ’ল মাতৃসকলৰ নিঃস্বাৰ্থ ত্যাগ, মৰম আৰু নিৰৱ পৰিশ্ৰমক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া আৰু পৰিয়ালৰ লগতে ৰাজ্যখনৰ ভৱিষ্যতক শক্তিশালী কৰাৰ দিশে এক গুৰুত্বপূর্ণ পদক্ষেপ।
বিশেষভাৱে উল্লেখযোগ্য যে, ১০ আগষ্ট তাৰিখখন সিকিমৰ ৰাজনৈতিক ইতিহাসত ইতিমধ্যেই গুৰুত্বপূৰ্ণ। ২০১৮ চনৰ পৰা, এই দিনটোক শাসক দল সিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)-এ “জন মুক্তি দিৱস” হিচাপে পালন কৰি আহিছে, যি দিনত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং (গোলেই) এক বছৰৰ দণ্ড ভোগ কৰি ৰোঙিয়াক কাৰাগাৰৰ পৰা মুক্তি পাইছিল। এই বছৰত চৰকাৰে মাতৃত্ব উদযাপনৰে এই দিনটোৰ অৰ্থ অধিক বিস্তৃত কৰাৰ সিদ্ধান্ত লৈছে। SKM-এ আগতে এই দিনটোক “জন মুক্তি দিৱস” আৰু “আমা সন্মান দিৱস” ৰূপে যুগপৎ পালন কৰাৰ প্ৰস্তাব আগবঢ়াইছিল, যি ৰাজনৈতিক স্বাধীনতা আৰু মাতৃসকলৰ পোষণশীল শক্তিৰ একেলগীয়া প্ৰতিফলন।
SKMৰ সাধাৰণ সম্পাদক অৰুণ উপ্ৰেতীয়ে কৈছিল যে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য আছিল এই দিনটোক ৰাজনৈতিক আৰু ব্যক্তিগত সংগ্ৰাম আৰু ত্যাগৰ এক সমন্বয় হিচাপে উদযাপন কৰা। তেওঁ কৈছিল, যেতিয়া এই দিনটোৱে দলৰ বাবে ঐতিহাসিক গুৰুত্ব বহন কৰে, তেতিয়াই মাতৃসকলৰ স্বীকৃতিয়ে এই দিৱসখনত এক মানবিক আৰু আবেগপূৰ্ণ আয়োজন যোগান ধৰিছে।
এই ঘোষণাই ৰাজ্যজুৰি মাকসকলক আৰ্থিকভাৱে সবল কৰাৰ দিশে কল্যাণমূলক আঁচনি আৰম্ভ হ’ব বুলি আশা সৃষ্টি কৰিছে। যদিও এতিয়ালৈকে এই ঘোষণা এটা প্ৰতিকী হিচাপে জাৰি কৰা হৈছে, তথাপিও ৰাজনৈতিক নেতাসকলে অৰ্থিক সহায়, বিনামূলীয়া এল. পি. জি. বিতৰণ আৰু চলি থকা মহিলা-কেন্দ্ৰিক আঁচনিত অধিক স্বীকৃতিসহ বিভিন্ন আঁচনিৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে।
“আমা সন্মান দিৱস” উপলক্ষে ৰাজ্যজুৰি চৰকাৰী অনুষ্ঠান, মাতৃসকলৰ সংবর্ধনা, আৰু সমাজিক সংগ্ৰহমূলক কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই দিৱসটো মাতৃসকলৰ অৱদানৰ স্বীকৃতি দিয়াৰ উপৰি, এক অন্তর্ভুক্তিমূলক শাসন আৰু মহিলাৰ ক্ষমতায়নৰ প্ৰতিশ্ৰুতি পুনৰ নৱীকৰণৰ এক প্লেটফৰ্ম হিচাপে পৰিগণিত হ’ব বুলি চৰকাৰ আশা কৰিছে। সিকিমে এই দিৱসৰ জৰিয়তে মাতৃত্বক চৰকাৰী দৃষ্টিভংগত এক সাংগঠনিক স্বীকৃতি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে।