ভাৰত চৰকাৰে এলন মাস্কৰ ষ্টাৰলিঙক ছেটেলাইট-ভিত্তিক ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে “ইউনিফাইড লাইচেঞ্চ” প্ৰদান কৰিছে। কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিরাদিত্য সিন্ধিয়াই এই কথা ঘোষণা কৰি কয় যে এই অনুমোদনে ভাৰতৰ ডাঙৰ হৈ অহা ডিজিটেল বজাৰত ষ্টাৰলিঙৰ প্ৰৱেশৰ পথ মুকলি কৰিলে। এই অনুমোদনটো সেই সময়ত আহিছে যেতিয়া ভাৰতত প্ৰথম মোবাইল কলৰ ৩০ বছৰ পূর্তি উদযাপন কৰা হৈছে (৩১ জুলাই, ১৯৯৫ তাৰিখে প্ৰথম মোবাইল কল হৈছিল)।
Starlink, এলন মাস্কৰ SpaceX কোম্পানীৰ অধীনস্থ এক ছেটেলাইট ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থাই, প্ৰথমবাৰ ২০২১ চনত ভাৰতত কাম কৰিবলৈ আবেদন কৰিছিল। কিন্তু স্পেকট্ৰাম বণ্টন আৰু নিয়ম-কানুনৰ জটিলতাৰ বাবে এই অনুমতি দেৰি হৈছিল। বৰ্তমান এই অনুমোদনে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰিবলৈ কোম্পানীটোক এগতি দিয়াৰ লগতে, গেটৱে আৰু গ্ৰাউণ্ড ষ্টেচন স্থাপন কৰিবলৈও অনুমতি দিয়ে।
Starlink এতিয়া ভাৰতত Eutelsat OneWeb (ভাৰ্টি গ্ৰুপৰ দ্বাৰা সমৰ্থিত) আৰু ৰিলায়েন্স Jio-SES যৌথ উদ্যোগৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব। এই সকলোবোৰ সংস্থাই নিম্ন-পৃথিৱী কক্ষপথত (LEO) স্থাপন কৰা ছেটেলাইটৰ জৰিয়তে উচ্চ-গতিৰ, কম-বিলম্বিত ইণ্টাৰনেট সুবিধা প্ৰদানৰ লক্ষ্য ৰাখিছে।
মন্ত্ৰী সিন্ধিয়াই এই অনুমোদন ঘোষণাৰ সময়ত ভাৰতৰ বিগত ১০ বছৰৰ ডিজিটেল বিকাশৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, বৰ্তমান ভাৰতত ফোন সংযোগৰ সংখ্যা ১.২ বিলিয়নৰ অধিক আৰু ইণ্টাৰনেট চাবস্ক্ৰিপশ্যনৰ সংখ্যা ৯৭০ মিলিয়নলৈ বৃদ্ধি পাইছে — যি ২০১৪ চনৰ তুলনাত ২৮৬% বৃদ্ধি। ২০১৪ত য'ত মাত্ৰ ৬০ মিলিয়ন ব্রডবেণ্ড ব্যৱহাৰকাৰী আছিল, তাতেই বৰ্তমান এই সংখ্যা ৯৪৪ মিলিয়নলৈ গৈছে। ইয়াৰ লগতে, ভাৰতত ডেটা ব্যৱহাৰৰ খৰচ মাত্ৰ ৮.৯ টকা/GB — যি ৯৬.৬% কম, আৰু গ্ল’বেল স্তৰত আটাইতকৈ সস্তা।
তেওঁ BSNL-ৰ সফল পুনৰু্থানৰ কথাও উল্লেখ কৰে। দুই দশকৰ লোকচানৰ পিছত, বিগত দুই অৰ্থনৈতিক বৰ্ষত BSNL-এ লাভৰ ৰেকৰ্ড কৰিছে — ক্ৰমে ₹২৬২ ক্ৰ’ৰ আৰু ₹২৮০ ক্ৰ’ৰ। BSNL-এ ৮৩,০০০ অধিক ৪জি টাৱাৰ স্থাপন কৰিছে, যাৰ ৭৪,০০০ ইতিমধ্যে দেশীয় প্ৰযুক্তিৰ সহায়ত চলি আছে।
৫G সংযোগৰ ক্ষেত্ৰতো ভাৰত গতিৰ সৈতে আগবাঢ়ি গৈছে। বৰ্তমান ৯৯.৬% জিলাত ৪.৭৪ লাখ ৫জি টাৱাৰ স্থাপন হৈ আছে, আৰু প্ৰায় ৩০ কোটি ব্যৱহাৰকাৰী ৫জি ব্যৱহাৰ কৰিছে। ভাৰত ৬G পেটেণ্টৰ ক্ষেত্ৰতো শীৰ্ষ ৬ ৰ দেশৰ ভিতৰত আছে। দেশৰ প্ৰতি ব্যক্তিৰ ৫জি ডেটা ব্যৱহাৰ—৩২GB/মাহ—বিশ্বৰ ভিতৰত আটাইতকৈ বেছি বুলি মন্ত্ৰীজনীয়ে কয়।
Starlink-ৰ প্ৰৱেশে ভাৰতৰ ডিজিটেল ভৱিষ্যতৰ বাবে নতুন অধ্যায় আৰম্ভ কৰিছে। ছেটেলাইট ভিত্তিক এই সঁজুলিয়ে দূৰদূৰন্তৰ অঞ্চল, পাহাৰীয়া এলাকা, দ্বীপ আৰু সীমান্ত অঞ্চলৰ জনসাধাৰণক ইণ্টাৰনেটৰ সংযোগ দিয়াৰ পথ প্ৰশস্ত কৰিব।
সম্প্ৰতি স্পেকট্ৰাম বণ্টনৰ পথ মুকলি হৈ পৰাৰ লগে লগে, Starlink-এ ভাৰতত গ্ৰাউণ্ড ষ্টেচন স্থাপন আৰু স্থানীয় গেটৱে স্থাপনৰ কাম আৰম্ভ কৰিব। ইয়াৰ লগত লগে দেশৰ satcom (ছেটেলাইট কমিউনিকেশ্বন) খণ্ড এক দ্ৰুত বিকাশৰ দিশে আগবাঢ়িব, যিয়ে ভাৰতৰ বৃহৎ মোবাইল নেটৱৰ্কক সম্পূৰক শক্তি যোগাব।
মুঠতে, মোবাইল ফোন যুগৰ ৩০ বছৰ উদযাপন কৰা এই সময়ত, ভাৰত এতিয়া নতুন ভৱিষ্যতলৈ আগবাঢ়িছে — য’ত আকাশৰ জৰিয়তে দেশৰ সকলো কোণ digitally connected হ’ব।