মাইকৰ’চফ্‌ট‌ে কল্পনা কৰে এখন ভবিষ্যতৰ উইন্ড’জ য’ত কীব’ৰ্ড আৰু মাউচৰ স্থান AI এজেন্টে ল’ব



logo : | Updated On: 07-Aug-2025 @ 4:17 pm
SHARE 

মাইক্ৰ’ছফ্টে অলপতে YouTube-ত Windows 2030 Vision শীৰ্ষক এখন ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত AI-ৰ সহায়ত কিদৰে পৰিৱর্তন হ’ব Windows ব্যৱহাৰৰ ধৰণ – সেই বিষয়ে ভবিষ্যতৰ এক দৃশ্য দাঙি ধৰা হৈছে। এই ভিডিঅ’টোত কীব’ৰ্ড আৰু মাউচৰ পৰিবৰ্তে কণ্ঠস্বৰ, হাতৰ ইঙ্গিত আৰু চকুৰ দিশে চাই ব্যৱহাৰ কৰাৰ দৰে পদ্ধতিৰে Windows চলাব পৰা যাব বুলি কোৱা হৈছে।

মাইক্ৰ’ছফ্টৰ কৰ্পৰেট ভাইচ প্রেসিডেণ্ট অফ এণ্টাৰপ্ৰাইজ আৰু অ’ এছ ছিকিউৰিটি, ডেভিড ৱেষ্টনে কয়, ২০৩০ চনৰ ভিতৰত কীব’ৰ্ডেৰে টাইপ কৰা আৰু মাউচেৰে ঘুৰা-ফুৰা কৰা Gen Z ৰ বাবে DOS ব্যৱহাৰৰ দৰে অচিনাকি হৈ পৰিব। তেওঁৰ মতে, মানুহে কম্পিউটাৰৰ সৈতে কথোপকথনৰ জৰিয়তে অধিক কাম কৰিব, যিটো এটা প্ৰাকৃতিক আৰু সহজ যোগাযোগৰ উপায়।

ভিডিঅ’টোত কোৱা হৈছে যে, Windows-ৰ ভৱিষ্যৎ সংস্কৰণ হ’ব এক "multi-modal system", য’ত ব্যৱহাৰকাৰীয়ে কণ্ঠস্বৰ, হাতৰ ইঙ্গিত, আৰু চকুৰ দিশে চাই কোনো বস্তু চিনাকি কৰি কম্পিউটাৰক নিৰ্দেশ দিব পাৰে। এইবোৰ শুনাতেই বিজ্ঞান কল্পকাহিনীৰ দৰে লাগিলেও মাইক্ৰ’ছফ্টে এই প্ৰযুক্তিৰ বিকাশত কোটি কোটি টকা বিনিয়োগ কৰিছে।

Copilot, মাইক্ৰ’ছফ্টৰ AI-powered সহায়ক, এই পৰিকল্পনাৰ মূল স্তম্ভ। বৰ্তমান Windows আৰু Office-ত Copilot সংযুক্ত কৰা হৈছে। AI Agent “Copilot” ক “Hey Copilot” বুলি মাতিলে, ছিষ্টেম ছেটিং চেঞ্জ কৰা, তথ্য বিচৰা, বা অন্য বহুবিধ কাম কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিয়ে ব্যৱহাৰকাৰীৰ বাবে কম্পিউটাৰ ব্যৱহাৰ অধিক স্বাভাৱিক আৰু সুবিধাজনক কৰি তুলিব।

ছিকিউৰিটীৰ ক্ষেত্ৰতো AI গৰিষ্ঠ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰিছে ৱেষ্টনে। তেওঁৰ মতে, পঞ্চবছৰৰ ভিতৰত ব্যৱহাৰকাৰীয়ে AI-চালিত সিকিউৰিটি এক্সপাৰ্ট নিযুক্তি কৰিব পাৰিব, যিয়ে এক জন মানুহৰ দৰে আচৰণ কৰি ব্যৱহাৰকাৰীক সহায় কৰিব। এতিয়ালৈকে কেৱল ডাঙৰ প্ৰতিষ্ঠানসমূহে যিবোৰ ছিকিউৰিটি সেৱা উপভোগ কৰে, সেইবোৰে সৰু-মাজলি ব্যৱসায়ো উপকৃত হ’ব।

Weston এ AI-ৰ সামাজিক প্ৰভাৱৰ কথা উল্লেখ কৰি কয়, AI-এ স্প্ৰেডশ্বীট বনোৱা, খৰচৰ ৰিপ’ৰ্ট বনোৱা আদিৰ দৰে একঘেঁয়া কাম অপ্ৰাসংগিক কৰি তুলিব। ফলস্বৰূপে, মানুহে অধিক সৃষ্টিশীল কামত সময় ব্যয় কৰিব পাৰিব।

সারাংশস্বৰূপে, Windows 2030 Vision ভিডিঅ’টোৱে এটা AI-ভিত্তিক ডিজিটেল যুগৰ আভাস দিয়ে, য’ত কীব’ৰ্ড আৰু মাউচৰ পৰিবৰ্তে AI Agent আৰু স্বাভাৱিক ব্যৱহাৰ-ভাষাৰ সহায়ত Windows চলাব পাৰিব। মাইক্ৰ’ছফ্টে এই নতুন দিশত Productivity, Security আৰু User Interaction ৰ সম্পূৰ্ণ ৰূপান্তৰৰ লক্ষ্য লৈ আগবাঢ়ি আছে।




Read less Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys