লোকসভাই বুধবাৰে প্ৰতিপক্ষৰ কোলাহলৰ মাজতে অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিল, ২০২৫ কণ্ঠভোটেৰে গৃহীত কৰে। কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ গৃহীত এই বিলৰ লক্ষ্য হ’ল আসক্তি, ধন-শুদ্ধিকৰণ আৰু আৰ্থিক কেলেঙ্কাৰীৰ দৰে অনলাইন ধন-খেলৰ সমস্যা নিয়ন্ত্ৰণ কৰা।
আইনখনত অনলাইন ধন-খেলক এনে এখন খেল বুলি বর্ণনা কৰা হৈছে, য’ত খেলুৱৈয়ে ধন জমা দিয়ে আৰু তাৰ বিপৰীতে ধন বা অন্য উপাৰ্জনৰ আশা কৰে। চেছ বা ছ’লিটেয়াৰ দৰে ই-স্পোৰ্টছ আৰু সামাজিক খেল এই নিষেধাজ্ঞাৰ অন্তৰ্গত নহয়।
দুইখন সংসদীয় গৃহে পাস কৰিলে, অনলাইন ধন-খেল প্ৰস্তাৱ কৰা বা সুবিধা দিয়াটো অপৰাধ গণ্য হ’ব। ইয়াত ৩ বছৰৰ কাৰাবাস আৰু/বা ১ কোটি টকাৰ জৰিমনাৰ বিধান থাকিব। লগতে অনলাইন ধন-খেলৰ বিজ্ঞাপন সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব আৰু ব্যাংক বা আৰ্থিক প্ৰতিষ্ঠানসমূহক ইয়াৰ বাবে ধনৰ লেনদেন কৰাৰ পৰা বাধা দিয়া হ’ব।
সংঘীয় আইটি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল, ডিজিটেল প্ৰযুক্তিয়ে বহু সুফল আনিছে যদিও অনলাইন ধন-খেল এক সামাজিক আৰু আৰ্থিক সমস্যা হৈ পৰিছে। বহু লোক আসক্ত হৈ নিজৰ উপাৰ্জন নষ্ট কৰিছে, ফলত পৰিয়াল ধ্বংস হৈছে। কৰ্ণাটকত ৩১ মাহত ৩২টা আত্মহত্যাৰ ঘটনা তুলি ধৰি তেওঁ WHO-এও এই বিপদক চিহ্নিত কৰিছে বুলি উল্লেখ কৰে।
লোকসভা অধ্যক্ষ ওম বিৰলায়ে বিলখনৰ সামাজিক গুৰুত্বৰ বাবে বিশদ আলোচনা কৰিবলৈ সময় দিবলৈ প্ৰস্তুত বুলি কয়। কিন্তু প্ৰতিপক্ষৰ অবিৰাম প্ৰতিবাদৰ কাৰণে কণ্ঠভোটৰ জৰিয়তে বিলখন দ্রুত পাস কৰা হয়।
বিলখনৰ দুটা প্ৰধান দিশ আছে— প্ৰচাৰ আৰু নিয়ন্ত্ৰণ।
অ-আৰ্থিক গেমিংৰ উন্নয়ন: ই-স্পোৰ্টছ, শিক্ষামূলক আৰু সামাজিক খেল উন্নীত আৰু নিয়ন্ত্ৰণ কৰা। ইয়াৰ বাবে এখন কর্তৃপক্ষ গঠন হ’ব যি নীতি সহায়, কৌশলগত বিকাশ আৰু নিয়ন্ত্ৰণৰ দায়িত্ব ল’ব।
অনলাইন ধন-খেলৰ নিষেধাজ্ঞা: ৰাজ্যৰ সীমানা পাৰ হৈ চলা বা বিদেশৰ পৰা পৰিচালিত ধন-খেল নিষিদ্ধ কৰা। ইয়াৰ সৈতে জড়িত বিজ্ঞাপন, প্ৰচাৰ আৰু আৰ্থিক সহায়ও নিষিদ্ধ হ’ব।
ডিজিটেল প্ৰযুক্তিৰ দায়িত্বপূৰ্ণ ব্যৱহাৰ উৎসাহিত কৰা।
সামাজিক শৃংখলা আৰু জনস্বাস্থ্য ৰক্ষা কৰা।
আৰ্থিক ব্যৱস্থাৰ অখণ্ডতা সংৰক্ষণ কৰা।
ৰাষ্ট্ৰৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব বজাই ৰখা।
এখন একমাত্ৰ ৰাষ্ট্ৰীয় আইনী কাঠামো প্ৰতিষ্ঠা কৰা।
বিলত কোৱা হৈছে—
কোনো ব্যক্তি বা প্ৰতিষ্ঠানে অনলাইন ধন-খেল প্ৰস্তাৱ, সহায়, প্ৰচাৰ বা উৎসাহ দিব নোৱাৰে।
কোনো ধৰণৰ বিজ্ঞাপন (সকলো মাধ্যমতে) চলাব নোৱাৰি।
ব্যাংক, আৰ্থিক প্ৰতিষ্ঠান বা মধ্যস্থতাকারীয়ে ধনৰ লেনদেনত সহায় কৰিব নোৱাৰি।
বিলখন বাস্তবায়ন কৰিবলৈ কেন্দ্ৰই এজন অধ্যক্ষসহ এখন কর্তৃপক্ষ গঠন কৰিব। এই সংস্থাই খণ্ডখন নিয়ন্ত্ৰণ আৰু নীতি বাস্তবায়নত সহায় কৰিব।
সাৰকথা, অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিল, ২০২৫য়ে শিক্ষামূলক আৰু বিনোদনমূলক খেলৰ বিকাশ উৎসাহিত কৰাৰ লগে লগে ধন-ভিত্তিক আসক্তিকৰ খেল সম্পূৰ্ণভাবে নিষিদ্ধ কৰিবলৈ লক্ষ্য ৰাখিছে। কঠোৰ বিধিনিষেধ আৰু নিয়ন্ত্ৰণ কাঠামোৰ জৰিয়তে ই ব্যক্তিগত আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে আৰ্থিক সৰক্ষাৰো সংহতি যোগাব।