মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক আৰোপ কৰাৰ পটভূমিত, ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ (RSS) মুখ্য মোহন ভাগৱতে কৈছিল যে ভাৰতৰ ৰাষ্ট্ৰীয় নীতিয়ে নিশ্চয় কৰিব লাগিব আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় "চাপৰ তলত নহয়, স্বেচ্ছাসেবীভাৱে" চলিব লাগিব। "সংঘৰ ১০০ বছৰৰ যাত্ৰা – নতুন দিগন্ত" শীৰ্ষক তিনিদিনীয়া বক্তৃতামালাৰ দ্বিতীয় দিনত দিল্লীৰ বিজ্ঞান ভবনত দিয়া বক্তৃতাত ভাগৱতে সংঘৰ স্বাৱলম্বন, সাংস্কৃতিক মূল্যবোধ, চৰকাৰ, আৰু বৈশ্বিক ভূমিকা সম্পৰ্কে দৰ্শন আগবঢ়াইছিল। এই বক্তৃতাত ৫৫ৰো অধিক দেশৰ কূটনীতিজ্ঞ আৰু ৩০টাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় সংস্থাই অংশগ্ৰহণ কৰিছিল।
ভাগৱতে অপ্রয়োজনীয় আমদানি ৰোধ কৰাৰ আহ্বান জনাই কৈছিল যে ভাৰতক কেৱল জীৱনৰ অত্যাৱশ্যক সামগ্ৰীহে আমদানি কৰিব লাগিব যি দেশত উৎপাদন কৰা নাযায়। তেওঁ স্বাৱলম্বন আৰু "স্বদেশী"ক ৰাষ্ট্ৰীয় নীতিৰ মূলে ৰাখি কৈছিল যে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতা স্বাভাৱিক হলেও স্থানীয় সামগ্ৰীৰ প্ৰাধিকাৰ অতি গুৰুত্বপূর্ণ। তেওঁ উদাহৰণ দি কৈছিল — “ঘৰত শিকাঞ্জি (বেলৰ পানী) বনাব পাৰি, তেন্তে কোক বা স্প্ৰাইট কিয় কিনিব?”।
তেওঁ স্থানীয় অৰ্থনীতি সমৰ্থনৰ বাবে গাঁৱত, জিলাত বা ৰাজ্যত উৎপাদিত সামগ্ৰী কিনিব বুলি লোকক অনুৰোধ জনাইছিল। স্থানীয় শিল্প উপেক্ষা কৰিলে গাঁও-চহৰৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হয় বুলি ভাগৱতে মন্তব্য কৰে। লগতে তেওঁ "ভাষা, ভূষা, ভোজন, ভৱন আৰু ভজন"ৰ প্ৰচলন কৰিবলৈ আহ্বান জনাই কৈছিল যে — মাতৃভাষাত কথা ক’ব, ঐতিহ্যবাহী পৰিধান পিন্ধিব, স্থানীয় আহাৰ গ্ৰহণ কৰিব, ধৰ্মীয় আচার মানিব লাগিব।
সংবিধানমূল্য সম্পৰ্কে ভাগৱতে কৈছিল যে সকলো পৰিস্থিতিত আইন আৰু সংবিধান অনুসৰণ কৰিব লাগিব আৰু প্ৰত্যাহ্বান পেলালেও নিজে আইনৰ বাহিৰত কেতিয়াও যোৱা উচিত নহয়।
সামাজিক-ৰাজনৈতিক পৰিৱেশৰ প্ৰেক্ষাপটত তেওঁ উগ্ৰপন্থা, অশান্তি আৰু "ৱোকিজম"ক বৈশ্বিক সংকট বুলি বর্ণনা কৰিছিল। মহাত্মা গান্ধীৰ সাতটা সামাজিক পাপ (যেনে নৈতিকতা বিহীন বাণিজ্য, নীতি বিহীন ৰাজনীতি ইত্যাদি) উদ্ধৃত কৰি তেওঁ কৈছিল যে ভোগবাদ আৰু বস্তুবাদে সমাজৰ নৈতিক পতন ঘটাইছে।
ভাৰতৰ আঞ্চলিক দায়িত্বৰ বিষয়ে ভাগৱতে কৈছিল যে প্ৰথমে ভাৰতে নিজৰ পাৰ্শ্বৰাষ্ট্ৰবোৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব লাগিব। তেওঁ কৈছিল যে একে ভূগোল, মানুহ, নদী আৰু বনৰ মাজত কেৱল মানচিত্ৰত ৰেখা টানি বিভাজন কৰা হৈছে, সেইকাৰণে ভাৰতক শান্তি আৰু উন্নয়নৰ দায়ৱদ্ধতা ল’ব লাগিব।
ভাগৱতে "ধৰ্ম"ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে কৈছিল যে ধৰ্ম ধৰ্মীয় আচার নহয়, ই ব্যক্তিগত, সামাজিক আৰু প্ৰকৃতিৰ মাজত সমন্বয় সাধন কৰা এক উচ্চতম নীতি। তেওঁ কৈছিল যে আজিৰ বিশ্বৰ প্ৰয়োজন "ধৰ্মমূলক জীৱন", আৰু ভাৰতে ইয়াৰ নেতৃত্ব ল’ব লাগিব।
শেষত ভাগৱতে কৈছিল যে সংঘক বিশ্বৰ বাবে এক আদৰ্শ ৰূপত গঢ়ি তুলিব লাগিব। ভাৰতক নিজৰ দৰ্শনৰ আধাৰত — “মেচ প্ৰডাকচন নহয়, জনতাৰ দ্বাৰা প্ৰডাকচন” — নীতি গ্ৰহণ কৰিব লাগিব আৰু সেই দৰ্শন প্ৰথমে নিজ দেশ আৰু পাৰ্শ্বৰাষ্ট্ৰলৈ প্ৰসাৰিত কৰি পাছত বিশ্বৰ বাবে আগবঢ়াব লাগিব।