"ইণ্ডো-পাকৰ উত্তেজনা মূৰত ৰাখি মিজোৰামৰ কোলাসীবত নাগৰিক ৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সভা"



logo : | Updated On: 12-May-2025 @ 5:01 pm
SHARE 

ভাৰত-পাকিস্তানৰ মাজত উদ্ভৱ হোৱা উত্তেজনাৰ প্ৰতি সঁহাৰি ৰূপে মিজোৰামৰ কোলাসিব জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়। সভাখন কোলাসিবৰ উপায়ুক্ত ৰবাৰ্ট চি লালহমগাইহাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় আৰু ইয়াত জিলাখনত এখন ব্যাপক সিভিল ডিফেন্স কাৰ্যপন্থা (Action Plan) প্ৰস্তুত কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁ কৈছিল, এই পৰিকল্পনা কেৱল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাবে নহয়, জিলাৰ বাবে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে বিবেচনা কৰিব লাগিব।

ডিচীয়ে ক'লছিল যে, কোলাসিব হৈছে মিজোৰামৰ দ্বিতীয় গুৰুত্বপূর্ণ জিলা (ৰাজধানী আইজলৰ পাছত), আৰু ইতিমধ্যে মুখ্য সচিবৰ নিৰ্দেশ অনুসৰি জিলা পৰ্যায়ত গুৰুত্বপূৰ্ণ অৱকাঠামোৰ অগ্ৰাধিকাৰ তালিকা জমা দিয়া হৈছে। তেওঁ সকলো অংশীদাৰ - নাগৰিক সমাজ সংগঠন আৰু চৰকাৰী বিভাগসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনায়। শান্তিপূৰ্ণ পৰিবেশ থকা সত্বেও, সদায় সতৰ্ক থকাৰ প্ৰয়োজনীয়তা তেওঁ ব্যক্ত কৰে।

তেওঁ কয়, “ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ মানে ৰাজ্যিক অগ্ৰাধিকাৰ, আৰু সেইটো জিলাৰ বাবে অগ্ৰাধিকাৰ হবই লাগিব।” লগতে তেওঁ নাগৰিকসকলক সেনাৰ চলাচল সম্পৰ্কীয় তথ্য ছচিয়েল মিডিয়াত শ্বেয়াৰ নকৰিবলৈ অনুৰোধ জনায় আৰু একতা আৰু শৃংখলাৰ প্ৰয়োজনীয়তা উল্লেখ কৰে।

কোলাসিবৰ আৰক্ষী অধীক্ষক (SP) ডেভিড এইচ লালথাংলিয়ানাই সভাত অংশ লৈ Civil Defence Act 1968ৰ প্ৰাসংগিকতা বৰ্ণনা কৰে। তেওঁ কয়, “আমাৰ জিলা ভূগোলগতভাৱে শান্ত লাগিলেও ভৱিষ্যৎ অনিশ্চিত। সেয়ে সদায় সাজু থাকিব লাগিব।” তেওঁ নাগৰিকসকলক শান্তি আৰু নিৰাপত্তা ৰক্ষাত আৰক্ষীৰ সহায় কৰিবলৈ আহ্বান জনায়।

এই সভাত গৃহীত কেইবাটাও মুখ্য সিদ্ধান্ত হ’ল:

  1. কন্ট্ৰোল ৰুম স্থাপন: মূল জিলা কন্ট্ৰোল ৰুম DM&R শাখাত উপায়ুক্ত কাৰ্যালয়ত স্থাপন হ’ব। সকলো থানাই গৌণ কন্ট্ৰোল ৰুম হিচাপে কাম কৰিব, য’ত জনসাধাৰণৰ বাবে সহায় আৰু তথ্য উপলব্ধ হ’ব।

  2. সিভিল ডিফেন্স কাৰ্যপন্থা প্ৰস্তুতি: ডিচীয়ে এক বিস্তৃত Civil Defence Action Plan প্ৰস্তুত কৰিব। সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে ইয়াৰ বাবে আৱশ্যকীয় তথ্য আগবঢ়াব লাগিব।

  3. গাড়ীৰ তালিকা: কোলাসিব জিলাৰ অধীনত পঞ্জীয়ন হোৱা সকলো গাড়ীৰ এক বিস্তৃত তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ ডিষ্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ (DTO) ক দিয়া হৈছে। উদ্ধাৰ আৰু সহায় কাৰ্যৰ বাবে উপযুক্ত গাড়ী চিহ্নিত কৰি পৃথকভাৱে তালিকাভুক্ত কৰিব লাগিব।

  4. বিমান আক্ৰমণ মক ড্ৰিল: সোমবাৰৰ ৰাতি কোলাসিব আৰু ভায়ৰেংটত বিমান আক্ৰমণৰ এক মক ড্ৰিল অনুষ্ঠিত হ’ব।

    • ৮:৫৯ PM বজাৰ সময়ত চাইৰেন বাজিব।

    • সকলো পোহৰ (ইনভাৰ্টাৰ আৰু ছ’লাৰ লাইটো সহ) বন্ধ কৰিব লাগিব।

    • যানবাহনৰ চলাচল বন্ধ থাকিব।

    • ড্ৰিল ৯:০০ PM বজাৰ পৰা আৰম্ভ হৈ ৯:০৪ PM বজালৈ চলিব।

সকলো গাঁও সভা আৰু স্থানীয় NGO-সমূহক এই তথ্যৰ প্ৰচাৰ আৰু ড্ৰিলৰ সঠিক ৰূপায়ণত সহায় কৰিবৰ অনুৰোধ জনোৱা হৈছে। আৰক্ষীয়ে যান চলাচল নিয়ন্ত্ৰণ কৰিব।

এই সভাত উপায়ুক্ত, আৰক্ষী অধীক্ষক, অতিরিক্ত উপায়ুক্ত, CIJW ভায়ৰেংটে, NHIDCL, ৰেইলৱে, NEEPCO, Mizofed, স্থানীয় চৰকাৰী বিষয়া, গাঁও সভাৰ প্ৰতিনিধি, NGO আৰু গীৰ্জাৰ নেতাসকল উপস্থিত থাকে।

জিলা প্ৰশাসনে নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰব্যক্ত কৰে আৰু এই প্রস্তুতিৰ কামত জনসাধাৰণৰ পূৰ্ণ সহযোগিতা বিচাৰে।




Read less Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys