অবিৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত মিজোৰামত সৃষ্ট হোৱা ভয়ংকৰ পৰিস্থিতিৰ মাজত ৰাজ্য চৰকাৰে নাগৰিকসকলক বৰষুণৰ পানী সংগ্ৰহ কৰাৰ আহ্বান জনাইছে। অৱস্থা অত্যন্ত সংকটজনক হৈ পৰিছে, কিয়নো বৰষুণে জলনল আৰু পানী পাম্পিং ব্যৱস্থাসমূহৰ ব্যাপক ক্ষতি সাধন কৰিছে, যাৰ ফলত বহুবিধ জিলা জুৰি পানী যোগানত ব্যাঘাত ঘটিছে।
মিজোৰামৰ Public Health Engineering (PHE) বিভাগৰ মতে, ৰাজ্যৰ ৰাজধানী আইজলত পানীৰ ঘাটতিৰ সম্ভাৱনা দেখা দিছে। আইজলৰ মুখ্য পানীৰ উৎস টলাওং নদী বৰষুণৰ বাবে বানপানী আৰু ধূলিয়াকৈ ধুন্ধলি হৈ পৰাৰ ফলত সৰ্বসাধাৰণৰ বাবে পানী পাম্পিং কৰিব পৰা নাই। এই পৰিস্থিতিয়ে নগৰত গভীৰ পানীৰ সংকট সৃষ্টিৰ আশংকা জন্মাইছে।
কলাছিব জিলাত পানী যোগানৰ বাবে ব্যৱহৃত গ্ৰেভিটী পাইপলাইন আৰু মন'ব্লক চিষ্টেমসমূহ বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। এই ক্ষতিয়ে পাঁচখন চহৰত পানীৰ যোগান সম্পূৰ্ণ বন্ধ কৰি দিছে।
PHE বিভাগে ৰাইজক পানীৰ ব্যৱহাৰত সাৱধান হোৱাৰ লগতে বৰষুণৰ পানীৰ যথাসম্ভব ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। খোৱাৰজাল জিলাৰ অন্যতম মুখ্য পানীৰ উৎস টুইভাল নদী ভয়ংকৰভাবে দুষিত হৈ পৰিছে, যাৰ ফলত পানী শোধন ব্যৱস্থাসমূহ কাৰ্যক্ষম নোহোৱাৰ অৱস্থা সৃষ্টি হৈছে।
হানঠিয়াল জিলাৰ টুইচাং নদীৰ বানপানীত কাঁচা পানী পাম্প আৰু কণ্ট্ৰ’ল পেনেল দুয়োটাই ক্ষতিগ্রস্ত হোৱা বাবে পানী আৰু বিদ্যুত্ যোগানত ব্যাঘাত ঘটিছে।
মামিত আৰু চিয়াহা জিলাতো তেনেদৰে আহ্বান জনোৱা হৈছে, য'ত যান্ত্ৰিক বিভ্ৰাট আৰু বানপানীৰ বাবে পানী যোগান ব্যাহত হৈছে।
দুৰ্য্যোগ ব্যৱস্থাপনা আৰু পুনৰবাস বিভাগৰ ৰাজ্যিক জৰুৰীকাৰী অপাৰেচন চেণ্টাৰৰ তথ্য অনুসৰি, বৃহস্পতিবাৰৰ পৰ্যন্ত মিজোৰামত ৭৬৯ টা স্থানত ভূমিস্খলন আৰু মাটিৰ ধসৰ ঘটনা হোৱা বুলি জনোৱা হৈছে।
এই ঘটনাবোৰৰ ফলত এতিয়ালৈকে মুঠ ৪৫২টা পৰিয়াল উদ্বাস্তু হৈছে। তাৰে ৩৩৮টা পৰিয়াল ভূমিস্খলনৰ ফলত আৰু ১১৪টা পৰিয়াল বানপানীৰ বাবে ঘৰ এৰি যাব লগা হৈছে।
মুঠ ২৭২টা ঘৰ সম্পূৰ্ণভাৱে ভাঙি পৰিছে বা ক্ষতিগ্ৰস্ত হৈছে।
এই সামগ্ৰিক দুৰ্য্যোগত এতিয়ালৈকে ৫ গৰাকী লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত ৩ জন মিয়ানমাৰৰ শৰণাৰ্থী আছিল বুলি জানিব পৰা গৈছে।
ৰাজ্যখনত বৰ্তমানৰ পৰিস্থিতি সংকটজনক হৈ পৰিছে আৰু চৰকাৰে পানীৰ অপচয় ৰোধ কৰি বৰষুণৰ পানী সংগ্ৰহ কৰিবলৈ পুনৰ আহ্বান জনাইছে। এই পদক্ষেপসমূহে পানী সংকট কমাবলৈ সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।