চোৰাত, মেঘালয়ত ৰাজা ৰঘুবংশীৰ জঘন্য হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া জনাই মেঘালয়ৰ মন্ত্রী আলেকজাণ্ডাৰ লালু হেকে এই ঘটনাটোক "পূৰ্ব পৰিকল্পিত আৰু সংগঠিত" বুলি অভিহিত কৰে, যি অভিযোগ অনুসৰি ৰাজাৰ পত্নী সোনম ৰঘুবংশীয়ে আয়োজিত কৰিছিল।
সংবাদমাধ্যমৰ সৈতে কথা পাতি হেকে কয়, “মই বাতৰি পাইছিলোঁ যে মেঘালয় আৰক্ষীয়ে সোনমৰ হোমষ্টে’ত ৰখা চুটিকেচৰ পৰা এখন মঙ্গলসূত্র আৰু আঙুঠি উদ্ধাৰ কৰিছে। মই এইটো বৰ গুৰুত্বপূর্ণ প্ৰমাণ বুলি বিশ্বাস কৰোঁ। মেঘালয় চৰকাৰ আৰু ৰাইজে অভিযুক্তসকলৰ ওপৰত কঠোৰ আইনগত শাস্তিৰ দাবী জনাইছে।”
হেকে মেঘালয় আৰক্ষীৰ তৎপৰতাৰে তদন্ত চলোৱা আৰু দ্ৰুত অভিযুক্তসকলক গ্ৰেপ্তাৰৰ বাবে প্ৰশংসা কৰে। আৰক্ষীয়ে সোনম, তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু ভাড়াত লোৱা তিনিজন খুনীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। “মই আৰক্ষীক তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাৰ্যৰ বাবে অভিনন্দন জনাইছোঁ। লগতে মই ৰাজা ৰঘুবংশীৰ পৰিয়াললৈ সমবেদনা জনাইছোঁ। তেওঁলোকে প্ৰথমে তেওঁলোকৰ পুত্ৰৰ হত্যাকাণ্ডৰ বাবে মেঘালয়ৰ জনতা আৰু আৰক্ষীক দোষ আৰোপ কৰিছিল, কিন্তু এতিয়া সত্য জানি ক্ষমা খুজিছে, যাৰ বাবে আমি শান্তি অনুভৱ কৰিছোঁ,” হেকে কৈছিল।
এই হত্যাকাণ্ডে ৰাজ্য তথা দেশজুৰি এক প্ৰচণ্ড আলোড়ন সৃষ্টি কৰে। এই ঘটনাত টান লৈ আহে যেতিয়া সোনম উত্তৰ প্ৰদেশৰ ঘাজীপুরত আত্মসমৰ্পণ কৰে। আৰক্ষীৰ মতে, তেওঁ চুটিতলত নিজৰ বিবাহ ভ্ৰমণৰ সময়তে হত্যাৰ আঁচনি সাজি তেওঁৰ প্ৰেমিক আৰু ভাড়াত লোৱা খুনীৰ সহায়ত ৰাজাক হত্যা কৰিছিল।
এই ঘটনাই জাতীয় পৰ্যায়ত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। সোনমৰ পৰা পোৱা তথ্য অনুসৰি হত্যাটো কেৱল আবেগত নহয়, এক সু-পরিকল্পিত ষড়যন্ত্ৰ আছিল। মেঘালয় চৰকাৰে ঘটনাটোক কঠোৰভাৱে লৈছে আৰু আৰক্ষীৰ সচেতন তৎপৰতাই ন্যায় নিশ্চিত কৰাৰ দিশে আগবাঢ়িছে।