ইণ্ডোনেছিয়াৰ আৰক্ষীয়ে সিংগাপুৰলৈ দত্তকৰ বাবে অধিক সংখ্যক শিশু পঠিয়াই থকা এটা শিশুৰ পাচাৰ চক্ৰ উন্মোচন কৰাৰ পিছত ১২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ সূচনা হৈছিল, যেতিয়া এগৰাকী অভিভাৱকে তেওঁৰ শিশুক অপহৰণ কৰা হৈছে বুলি অভিযোগ জনাইছিল। পশ্চিম জাভাৰ আৰক্ষীয়ে তদন্ত চলাই এটা সন্দেহভাজনক ধৰিবলৈ সক্ষম হয়, যিয়ে ২৪ গৰাকী শিশুৰ বেহা কৰাৰ কথা স্বীকাৰ কৰে। পশ্চিম জাভা আৰক্ষীৰ সাধাৰণ অপৰাধ অনুসন্ধান বিভাগৰ ডাইৰেক্টৰ চুৰাৱানে (যিয়ে কেৱল এটা নাম ব্যৱহাৰ কৰে) জনাই যে, এই শিশুবোৰৰ বেছিভাগেই পশ্চিম জাভাৰ জৈৱিক অভিভাৱকৰ পৰা লোৱা হৈছিল।
চুৰাৱানে কয় যে, এই শিশুবোৰক প্ৰথমে বৰ্ণিঅ' দ্বীপৰ পোন্টিয়ানাক চহৰলৈ লৈ যোৱা হৈছিল আৰু তাৰপিছত সিংগাপুৰলৈ পঠিওৱা হৈছিল। আৰক্ষীয়ে সংগৃহীত নথিপত্ৰৰ ভিত্তিত জানিবলৈ দিয়ে যে, ১৪ গৰাকী শিশুক সিংগাপুৰলৈ পঠিওৱা হৈছিল। এই শিশুবোৰৰ বয়স এক বছৰৰ তলত আছিল, যাৰ ভিতৰত কেইজনমানৰ বয়স তিনিমাহ, পঁচমাহ আৰু ছয়মাহ আছিল।
কৰ্তৃপক্ষই পোন্টিয়ানাকত ৫ গৰাকী আৰু জকাৰ্তাৰ কাষৰ চহৰ টেংগেৰাংত ১ গৰাকী শিশুক উদ্ধাৰ কৰে। লগতে, জকাৰ্তা, পোন্টিয়ানাক আৰু বানডুং চহৰত ১২ গৰাকী সন্দেহভাজনক গ্ৰেপ্তাৰ কৰে। চুৰাৱানে নিশ্চিত কৰে যে, এইটো এটা সংগঠিত শিশুপাচাৰ চক্ৰ, য’ত প্ৰতিজনে নিজ নিজ ভুমিকা পালন কৰিছিল। কিছুমান সন্দেহভাজনে শিশু বিচাৰি উলিয়াবলৈ, আন কিছুমানে সিহঁতক লালন-পালন, আশ্ৰয় বা পৰিয়ালৰ কাৰ্ড আৰু পাছপোৰ্টৰ দৰে নথিপত্ৰ সাজিবলৈ নিযুক্ত আছিল।
পুলিচে কয় যে, এই শিশুবোৰ সিংগাপুৰত দত্তকৰ বাবে ১১ নিযুতৰ পৰা ১৬ নিযুত ইণ্ডোনেছিয়ান ৰুপিয়াহ (US$676 - $983) মূল্যত বিক্ৰী কৰা হৈছিল। সন্দেহভাজনসকলৰ বিবৃতি অনুসৰি, এই চক্রটো ২০২৩ চনৰ পৰা সক্ৰিয় হৈ আছে। এই চক্রই বিশেষকৈ সেইসকল অভিভাৱক বা মাতৃক লক্ষ্য কৰিছিল, যিসকলে নিজৰ সন্তানক পালনপোষণ কৰিবলৈ ইচ্ছুক নাছিল আৰু ধনৰ বিনিময়ত তেওঁলোকৰ পৰা শিশু লৈছিল।
বিশেষভাৱে লক্ষ্যণীয় যে, যিজনে প্ৰথমে অপহৰণৰ অভিযোগ কৰিছিল, তেওঁ অপহৰণৰ আগতেই পাচাৰকাৰীসকলৰ সৈতে এক চুক্তিত উপনীত হৈছিল। কিন্তু, চুক্তি অনুসৰি পইচা নিদিয়াৰ বাবে তেওঁ অভিযোগ জনাইছিল।
ইণ্ডোনেছিয়াৰ আৰক্ষীয়ে ইণ্টাৰপ'লৰ সৈতে মিলি সিংগাপুৰলৈ পাচাৰ হোৱা শিশুবোৰক চিনাক্ত কৰাৰ বাবে সহযোগিতা আৰম্ভ কৰিবলৈ গৈছে। চুৰাৱানে কয় যে, শিশুবোৰৰ সন্ধানত ইণ্টাৰপ'লৰ সহায় লোৱা হ'ব।
মানৱ পাচাৰ ইণ্ডোনেছিয়াৰ দৰে ১৭,০০০ ৰো অধিক দ্বীপৰ বিস্তৃত ৰাষ্ট্ৰখনৰ বাবে এটা গভীৰ অভ্যন্তৰীণ সমস্যাও। ২০২২ চনত, উত্তৰ ছুমাত্ৰাৰ এখন পাম তেল খেতিপথাৰত অন্ততঃ ৫৭ জন লোকক খাঁচাত বন্দী অৱস্থাত উদ্ধাৰ কৰা হৈছিল, যি সাম্প্ৰতিক সময়ৰ ভিতৰত আটাইতকৈ ভয়ংকৰ ঘটনা আছিল।
এই সাম্প্ৰতিক অভিযান আৰু উদ্ধাৰক কেন্দ্ৰ কৰি ইণ্ডোনেছিয়া পাচাৰবিৰোধী যুঁজত এটা গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্তৃপক্ষই এই চক্রৰ ভেটি সামৰি লোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু কঠোৰ নজৰদাৰী অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতি দিছে, যাতে শিশু তথা অসহায় লোকসকলক ৰক্ষা কৰিব পৰা যায়।