প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ৰ ভাল স্বাস্থ্যৰ কামনা কৰি ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সেৱাৰ প্ৰশংসা কৰিছে। ধানখড়ে স্বাস্থ্যগত কাৰণ দেখুৱাই নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। পাঁচ বছৰীয়া কাৰ্যকালৰ দুবছৰ বাকী থাকোঁতেই তেওঁ বৰ্ষাকালীন অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক পদত্যাগ পত্ৰ দাখিল কৰে, যি তৎক্ষণাত কাৰ্যকৰী হয়। মঙলবাৰৰ পুৱা উপ-সভাপতি হৰিবংশ সিঙে ৰাজ্যসভা চলাইছিল, কিন্তু বিৰোধীৰ শোৰ-চিচাৰ বাবে সভা ২ বজালৈ স্থগিত কৰা হয়। ধানখড়ৰ পদত্যাগৰ সময়ক লৈ বিৰোধী পক্ষই বিভিন্ন মন্তব্য কৰিছিল যদিও চৰকাৰৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া অহা নাই।