সিক্কিমৰ মূৰ্তিচিত্ৰশিল্পী জয় কুমাৰ ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰয়াত মাতৃ হীৰাবেন মোডীৰ জীৱন্ত প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰা আন্তৰিক প্ৰশংসা লাভ কৰিছে। জুম-চিছনেৰ নিবাসী ৰায়ে তেওঁৰ শিল্পত থকা অনুভূতি আৰু সন্মানৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ব্যক্তিগতভাৱে চিঠিৰ জৰিয়তে তেওঁৰ কুশলতা আৰু কলা-কৌশলৰ ভূয়সী প্ৰশংসা কৰি আগলৈও সফলতা কামনা কৰে। সিক্কিমৰ মুখ্যমন্ত্ৰী প্রেম সিং তামাংয়ে ৰায়ক অভিনন্দন জনাই কয় যে এই স্বীকৃতি সিক্কিমৰ গৰ্ভৰ বিষয় আৰু স্থানীয় প্ৰতিভাৰ প্ৰমাণ। তেওঁ ৰায়ক আগলৈও শিল্পক্ষেত্ৰত আগবাঢ়ি অনান্য লোককো অনুপ্ৰাণিত কৰাৰ আহ্বান জনায়।