উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় গণমাধ্যমে জনোৱা মতে, ভ্লাদিমিৰ পুটিনে কিম জং উনৰ সৈতে এটা ফোনালাপত ইউক্ৰেইনৰ পৰা ৰুচিয়াৰ কুৰ্স্ক অঞ্চল পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত উত্তর কোৰিয়াৰ সৈন্যবাহিনীৰ সাহস আৰু বীৰত্বৰ প্ৰশংসা কৰিছে। কিমে যোৱা বছৰৰ পৰস্পৰ ৰক্ষা চুক্তিৰ প্ৰতি বিশ্বস্ততা আৰু ভৱিষ্যতে ৰুচিয়াৰ সকলো পদক্ষেপক সম্পূৰ্ণ সমৰ্থন জনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দুয়ো নেতা অধিক ঘনিষ্ঠ যোগাযোগ ৰক্ষা কৰিবলৈ একমত হয়। কুৰ্স্ক অঞ্চল সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী পুটিনৰ, যদিও ইউক্ৰেইনে তাত আপত্তি জনাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইউক্ৰেইন যুদ্ধৰ অন্ত কৰিবলৈ পুটিনৰ সৈতে বৈঠকত শান্তিচুক্তিৰ প্ৰচেষ্টা চলাব বুলি কৈছে। উত্তৰ কোৰিয়াই ইতিমধ্যে ৰুচিয়াক সহায় কৰিবলৈ ১০,০০০ৰো অধিক সৈন্য প্ৰেৰণ কৰিছে আৰু অধিক প্ৰেৰণৰ পৰিকল্পনা কৰিছে।