ত্ৰিপুৰা ৰাজ্য ৰাষ্ট্ৰীয় গড়তকৈ কম অপৰাধ হাৰৰ সৈতে আটাইতকৈ সুৰক্ষিত ৰাজ্যসমূহৰ ভিতৰত: মুখ্যমন্ত্ৰী সাহা



logo : | Updated On: 16-Aug-2025 @ 5:14 pm
SHARE 

স্বাধীনতা দিৱসত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ৰাজ্যখনৰ সুৰক্ষা, কল্যাণ আৰু শাসনৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কয় যে ত্ৰিপুৰাৰ অপরাধৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ তুলনাত বহুত কম, ২০২৪ চনত ১৯.৪% হ্ৰাস পাইছে আৰু ২০২৫ চনৰ প্ৰথম পাঁচ মাহত আকৌ ১২.৩৫% হ্ৰাস পাইছে। মহিলাৰ ওপৰত হোৱা অপৰাধো ৰাষ্ট্ৰীয় গড়তকৈ কম, যাৰ বাবে মহিলাৰ সহায় কেন্দ্ৰ আৰু মহিলা থানাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত মাদক দমন, ছাইবাৰ অপৰাধ নিয়ন্ত্ৰণ আৰু সচেতনতা কাৰ্যসূচী বৃদ্ধি কৰা হৈছে। কল্যাণমূলক পদক্ষেপত অক্ষম ব্যক্তি সশক্তিকৰণ, নতুন আঙণৱাড়ী কেন্দ্ৰ, পেনচন, শিশুসহায়তা আঁচনি আৰু কৰ্মৰত মহিলাৰ হষ্টেলৰ ব্যৱস্থা কৰা হৈছে। সাহাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” দৰ্শনক কৃতিত্ব দিছিল আৰু ৰাজ্যখনত GSDP বৃদ্ধি, অৱকাঠামো, কৃষি আৰু উদ্যোগত লগানি বৃদ্ধি লক্ষ্যণীয় বুলি কয়।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys