১৮ আগষ্টে মিজোৰামে Healthy Lunglei Initiative ৰ অধীনত লংলেই চিভিল হস্পিটেল আৰু লংসেন পি.এইচ.চি.-ত প্ৰথম ‘Health ATM’ উদঘাটন কৰা হয়। আধুনিক চিকিৎসা উপকৰণৰে সজ্জিত এই কিয়স্কসমূহে ৰক্তচাপ, ছুগাৰ, BMI, ECG, লিপিড প্ৰ’ফাইল, দৃষ্টিশক্তি, কাণৰ পৰীক্ষা আৰু মানসিক স্বাস্থ্য পৰীক্ষা সহ ৩৫ ধৰণৰ বিনামূলীয়া পৰীক্ষা কৰিব পাৰিব, যাৰ ফলাফল মুহূৰ্ততে মোবাইলত উপলব্ধ হব। স্বাস্থ্য মন্ত্ৰী লালৰিনপুইই এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি ডিজিটেল হেল্থ ৰেকৰ্ড, প্ৰতিৰোধমূলক চিকিৎসা আৰু গ্ৰাম–শহৰ স্বাস্থ্য সেৱাৰ সংযোগৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। ABCI, BRN আৰু MVS India-ৰ CSR সহায়ত আৰম্ভ কৰা এই উদ্যোগে স্বাস্থ্য সূচক উন্নয়ন, স্বাস্থ্য সেৱাৰ সহজলভ্যতা বৃদ্ধি আৰু লংলেই জিলাৰ জনস্বাস্থ্যক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে।