ভেনেজুৱেলাই ক'লম্বিয়া সীমান্তত সৈন্য মোতায়েন কৰিলে, কাৰ্টেল দমন অভিযানত ইউএছ নৌবাহিনী যোগ দিলা



logo : | Updated On: 26-Aug-2025 @ 12:15 pm
SHARE 

ভেনেজুৱেলাই ১৫,০০০ জন সৈন্যক বিমান, ড্ৰোন আৰু নদীপথৰ প্ৰহৰীৰ সৈতে ক'লম্বিয়া সীমান্তত মাদক দমনৰ উদ্দেশ্যে মোতায়েন কৰিছে বুলি গৃহ মন্ত্ৰী দিওসদাদো কাবেলোৱে ঘোষণা কৰিছে। তেওঁ এই বছৰত এতিয়ালৈকে ৫৩ টন মাদক জব্দ হোৱাৰ কথাও জনাইছে। এই পদক্ষেপটোৰ পেছত ইউএছএৰ অভিযোগ আছে যে ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু কাবেলো মাদক কাৰ্টেল, বিশেষকৈ ‘কাৰ্টেল দে ল'ছ সোলেছ’-ৰ সৈতে জড়িত। ৱাশিংটনে মাডুৰোক ধৰা-পকড়ৰ বাবে পুৰস্কাৰ দ্বিগুণ কৰি ৫০ মিলিয়ন ডলাৰ আৰু কাবেলোৰ বাবে ২৫ মিলিয়ন ডলাৰ ধাৰ্য্য কৰিছে। এতিয়াই ইউএছএয়ে USS Lake Erie আৰু USS Newport News নামৰ দুটা নৌ জাহাজক কেৰিবিয়ান সমুদ্ৰলৈ প্ৰেৰণ কৰিছে, যি এটা উভচৰী নৌবহীৰ সৈতে মিলি কাৰ্টেলবিৰোধী অভিযানত অংশ ল'ব।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys