২১ জুন তাৰিখে আগর্তলাত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ১১তম আন্তৰ্জাতিক যোগ দিৱস উদযাপন উপলক্ষে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই যোগাৰ গুৰুত্বত জোৰ দিয়ে। তেওঁ কয় যে যোগই আত্ম-চেতনাক বিকাশ কৰাত, মানসিক চাপ হ্ৰাস কৰাত আৰু সুস্থ মন-মগজু তথা শৰীৰ গঢ়ি তোলাত সহায় কৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল বুলি উল্লেখ কৰি তেওঁ ইয়াৰ বৈশ্বিক প্ৰভাৱৰ কথাও স্মৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে আজি ডিজিটেল যুগত যুৱসমাজ প্রযুক্তিৰ প্রতি অধিক আসক্ত হৈ যোগৰ পৰা আঁতৰি পৰিছে, সেয়ে যোগক দৈনন্দিন অভ্যাসৰ অংশ হিচাপে গ্ৰহণ কৰা উচিত। স্বাস্থ্য মন্ত্ৰী হিচাপে তেওঁ ৰাজ্যত বৃদ্ধি পাই থকা এইচআইভি/এইডচৰ ঘটনা নিয়াও গভীৰ চিন্তা প্ৰকাশ কৰে আৰু ৰোগৰ প্ৰতি সজাগতা আৰু সঠিক সময়ত পদক্ষেপ লোৱাৰ আহ্বান জনায়। তেওঁ কয় যোগই স্মৃতি শক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক সু-স্বাস্থ্য বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এই অনুষ্ঠানত বহু চৰকাৰী বিষয়া, যোগ অভ্যাসকাৰী, ছাত্ৰ-ছাত্ৰী আৰু স্বাস্থ্যকৰ্মী সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।